নিয়ৰৰে ফুল

এপাহ ফুলিল, এপাহ সৰিল কেনি ?

নিয়ৰৰে ফুল

এপাহ ফুলিল, এপাহ সৰিল কেনি ?

যেনি যায় বলাকায়, যেনি যায় বলাকায়

মেঘ কাগজতে ...

নেদেখা ৰেখা টানি ...

নিয়ৰৰে ফুল

এপাহ ফুলিল, এপাহ সৰিল কেনি ?

 

আয়নুজনীৰ চকুৰ মণিত

দিনৰ পাহাৰ নাচিছিল

সেই পাহাৰেই ৰাতিৰ মায়াত

আকাশ হৈ পৰিছিল

অন্ধকাৰৰ এটোপাল মম

অন্ধকাৰৰ এটোপাল মম

গান হৈ সৰি পৰিছিল ...

শব্দময়ী পৰীৰ ৰাণী

শব্দময়ী পৰীৰ ৰাণী

উৰি আহিছিল ...

গণি গণি তৰাৰ মালাৰ মণি ...

এপাহ ফুলিল, এপাহ সৰিল কেনি ?

নিয়ৰৰে ফুল

এপাহ ফুলিল, এপাহ সৰিল কেনি ?

 

হু ... হু ... হু ... হু ... হু ...

হু ... হু ... হু ... হু ... হু ...

 

সেই কণ্ঠমণিৰ গুণ-গুণনি

সেই কণ্ঠমণিৰ গুণ-গুণনি

সৰি পৰি, সৰি পৰি

বনৰ নিয়ৰ হৈ ...

এপাহ ফুলিল, এপাহ সৰিল কেনি ?

যেনি যায় বলাকায়, যেনি যায় বলাকায়

মেঘ কাগজতে ...

নেদেখা ৰেখা টানি ...

নিয়ৰৰে ফুল

এপাহ ফুলিল, এপাহ সৰিল কেনি ?

নিয়ৰৰে ফুল

এপাহ ফুলিল, এপাহ সৰিল কেনি ?

নিয়ৰৰে ফুল

এপাহ ফুলিল, এপাহ সৰিল কেনি ?

 

ৰে ... ৰে ... ৰি ... না ...